বৃহস্পতিবাৰে ৰে’ল সুৰক্ষা বাহিনী আৰু ৰে’ল আৰক্ষীয়ে তিনিজন সন্দেহযুক্ত অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে।
গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনত তালাচী অভিযান আৰম্ভ কৰি আৰক্ষীয়ে আটক কৰে তিনিওজন বাংলাদেশী নাগৰিকক।
অভিযুক্ত আব্দুল কায়ুম, অজিন আলী, আৰু সাজ্জিল মিয়া আৰু আটাইকেইজনেই বাংলাদেশৰ চিলেট জিলাৰ।
খবৰ অনুসৰি অভিযুক্ত দোষীয়ে ভুৱা পাছপ’ৰ্ট আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰি দেশত প্ৰৱেশ কৰে।
তদুপৰি আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা বিভিন্ন বাংলাদেশী নথি-পত্ৰ জব্দ কৰে।
ইয়াৰ পূৰ্বে তিনিওজন বাংলাদেশীয়ে ছমাহ কাশ্মীৰত কাম কৰি অসমলৈ উভতি আহে।
