গুৱাহাটীত শিলৰ নাটনি, ধনী হৈছে চুবুৰীয়া মেঘালয়

62

গুৱাহাটী : ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বাৰিষা শেষ হোৱা আৰু কভিড কেন্দ্ৰীক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰৰ পূৰ্বৰ গডকাপ্তানী তথা বৰ্তমানৰ লোকনিৰ্মাণ বিভাগে বাট-পথ , দলং , উৰণীয়া সেতু আদিৰ নিৰ্মাণ কাৰ্যসমূহ আৰম্ভ কৰিছে । এইখিনিতে উল্লেখযোগ্য যে যিকোনো নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী বিধ হল শিল ।

শিল অবিহনে নিৰ্মাণ কার্যৰ কথা ভাৱিবই নোৱাৰি । কিন্তু গুৱাহাটী মহানগৰীত কাষৰীয়া অঞ্চলৰ চন্দ্ৰপুৰৰ বাহিৰে বাকী শিলৰ কোৱঁৰী সমূহ বন্ধ হৈ থকাত বিগত প্ৰায় দুবছৰ ধৰি চুবুৰীয়া মেঘালয়ৰ পৰাহে শিল গুৱাহাটীলৈ আমদানী কৰিব লগা হৈছে । ফলত শিলৰ নামত এক বৃহৎ পৰিমাণৰ ধন ওলাই যোৱাৰ লগতে চুবুৰীয়া মেঘালয়হে ধনী হৈছে ।

ইফালে চন্দ্ৰপুৰৰ বাহিৰে বাকী শিলৰ কোৱঁৰী সমূহ দুবছৰৰো অধিক দিন ধৰি বন্ধ হৈ থকাত স্বাভাৱিকতে গুৱাহাটী মহানগৰীত শিলৰ নাটনি দেখা দিছে। ফলত ইয়াৰ গইনা লৈ শিলৰ মূল্য আকাশলংঘী হৈছে । ২০১৮ চনত পাঁচ ঘন মিটাৰ শিলৰ ট্ৰাকৰ মূল্য আছিল পাঁচ হাজাৰ টকা । কিন্ত মেঘালয়ৰ পৰা আমদানি কৰিবলগীয়া হোৱাত এতিয়া মূল্য হৈছে প্ৰায় বাৰ হাজাৰ টকা । কিয়নো প্ৰতি ঘন মিটাৰৰ বাবদ মেঘালয় চৰকাৰৰ বন বিভাগক ৰয়েল্টি হিচাপে ২৩০ টকা আদায় দিবলগীয়া হয়।

অৰ্থাৎ পাঁচ ঘন মিটাৰ শিল অনা ট্ৰাক আসনে মেঘালয়ক দিব লাগে ১,১৫০ টকাৰ ৰাজহ । ইতিমধ্যে গণেশগুৰি আৰ জি বৰুৱা পথৰ নবনিৰ্মিত উৰণীয়া সেতুখন সৰহ সংখ্যক শিলেই মেঘালয়ৰ পৰা অনা হৈছিল। তেনেদৰে দিশপুৰ ছুপাৰ মাৰ্কেটত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুখনতো ব্যৱহৃত শিলসমূহ মেঘালয়ৰ পৰা অনা হৈছে ।

জানিব পৰা মতে গুৱাহাটী মহানগৰীত গঁড়চুকৰ কাষৰীয়া দেউচতালৰ পৰা লখৰাৰ সমীপলৈকে পূৰ্বতে কেবাটাও শিলৰ কোৱঁৰী আছিল । যি কেইটা কোৱঁৰীত উৎপাদন হোৱা শিলেই মহানগৰীত শিলৰ চাহিদা পূৰণ কৰিছিল । কিন্তু বন বিভাগৰ হেমাহিত শিলৰ কোৱঁৰী সমূহ ২০১৮ চনত বন্ধ হৈ পৰে। ফলত গুৱাহাটীলৈ মেঘালয়ৰ পৰা শিল আমদানি কৰিব লগা হয়।