গুৱাহাটীত ‘শান্তিৰ কনচাৰ্ট’ৰে দৰ্শকক মুগ্ধ কৰিবলৈ সাজু এআৰ ৰহমান, কেনেকৈ লাভ কৰিব টিকট…

311

গুৱাহাটীঃ একাডেমী বঁটা বিজয়ী তথা ভাৰতীয় সংগীতৰ মহাৰজাখ্যাত এ আৰ ৰহমানে গুৱাহাটীত “শান্তিৰ কনচাৰ্ট” নামৰ এটা মেগা ইভেণ্টত দৰ্শকক মুহিত কৰিবলৈ সাজু হৈছে।

১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই কনচাৰ্টটো সৰুসজাৰ অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে উপস্থাপন কৰা এই লাইভ কনচাৰ্টটো ইষ্টাৰ্ণ ইণ্ডিয়াৰ বছৰৰ আটাইতকৈ ডাঙৰ সংগীতৰ এক্সট্ৰাভাগান্জা হিচাপে প্ৰচাৰ কৰিছে।

এই অনুষ্ঠানত ৩৫ হাজাৰৰো অধিক লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

ৰহমানে ২০০৮ চনত শ্ৰেষ্ঠ মৌলিক গীত (জয় হো) আৰু শ্ৰেষ্ঠ মৌলিক স্কোৰ (স্লামডগ মিলিয়নাৰ)ৰ বাবে দুটা অকাডেমী বঁটা লাভ কৰিছিল যদিও তেতিয়ালৈকে তেওঁ ইতিমধ্যে নিজৰ গৃহ দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ মাজতো ছুপাৰষ্টাৰ হৈ পৰিছিল।

কনচাৰ্টৰ সময়-
সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব এ আৰ ৰহমানৰ কনচাৰ্ট।

কনচাৰ্টৰ স্থান-
অসমৰ গুৱাহাটীৰ সৰুসজাই অঞ্চলত অৱস্থিত অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই কনচাৰ্ট।

কেনেকৈ টিকট বুকিং কৰিব-
মেগা কনচাৰ্টৰ টিকট বুক মাই শ্ব’ আৰু পেটিএম ইনচাইডাৰত উপলব্ধ হ’ব।