গুৱাহাটীত মৃত্যু অৰুণাচল প্ৰদেশৰ যুব বিধায়ক জাম্বে তাছিৰ

140

গুৱাহাটীত মৃত্যু ঘটিল চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিজেপি বিধায়ক জাম্বে তাছিৰ।

গুৱাহাটীৰ ডাউনটাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যুৱ বিধায়কগৰাকীয়ে।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটীত।

যুৱ বিধায়কগৰাকীৰ মৃত্যুৰ কথা টুইটযোগে সদৰী কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে।

উল্লেখ্য যে, অৰুণাচলৰ লুমলা বিধানসভা সমষ্টিৰ পৰা তিনিবাৰৰ বিধায়ক আছিল জাম্বে তাছি।

পূৰ্বে দুবাৰ কংগ্ৰেছৰ টিকটত জয়লাভ কৰাৰ পিছত ২০১৯ত তেওঁ যোগ দিছিল বিজেপিত।

বিধায়কগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে ৰাজ্যখনৰ ৰাজনীতিত।