গুৱাহাটীত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, হেৰ’ইন জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰাৰ বুলিও জানিব পৰা গৈছে । গোপন সূত্ৰৰ তথ্যৰ ভিত্তি চলোৱা দুটা পৃথক অভিযানত প্ৰায় ১.৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ।বিশেষ টাস্ক ফ’ৰ্চে গোপন সূত্ৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত ১.৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে । অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, বালুঘাটত প্ৰথমটো অভিযান চলাই এজন ড্ৰাগছ বেপাৰীক আটক কৰে বিশেষ টাস্ক ফ’ৰ্চে । ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ২৭ টা কণ্টেইনাৰত ৩৬.০৫ গ্ৰাম হেৰ’ইন, এটা মোবাইল ফোন, এখন দুচকীয়া বাহন আৰু কিছু নগদ ধন জব্দ কৰা হৈছে বিবৃতিটোত উল্লেখ কৰা হৈছে ।