গুৱাহাটীত কৱৰস্থান সমিতিসমূহৰ সভা, কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ জানাজা-কৱৰ দিবলৈ সাজু সকলো কৱৰস্থান

63

ষ্টাফৰিপৰ্টাৰ, বৃহত্তৰ গুৱাহাটী মহানগৰীৰ কৱৰস্থান সমিতিসমূহে শনিবাৰে উলুবাৰীৰ শৰণীয়া কৱৰস্থান সমিতিৰ কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত কৰে৷ উলুবাৰীৰ শৰণীয়া কৱৰস্থান সমিতিৰ আহ্বানত অনুষ্ঠিত সভাত গাড়ীগাঁও কৱৰস্থান সমিতি, দ্বাৰান্দা কৱৰস্থান সমিতি, হাতীগাঁও-সিজুবাৰী কৱৰস্থান সমিতি, আঠগাঁও কৱৰস্থান সমিতিসহ কেইবাখনো কৱৰস্থান সমিতি উপস্থিত থাকে৷ বৃহত্তৰ গুৱাহাটী মহানগৰীৰ কৱৰস্থানসমূহৰ যুটীয়া সভাত সভাপতিত্ব কৰে শৰণীয়া কৱৰস্থান সমিতিৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন আছু নেতা নেকিবুৰ জামানে৷
কৰ’না মহামাৰীৰ জটিল সময়ত মৃত্যুক আকোৱালি লোৱা লোকৰ সৎকাৰ সন্দৰ্ভত বিশদ আলোচনা কৰে সমিতিসমূহে৷ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক চৰকাৰী নিৰ্দেশনা মানি শেষকৃত্য কৰাৰ বাবে গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহে ঐক্যমতত উপনীত হয়৷ নিজ নিজ জামাতৰ কৱৰস্থানত কৱৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ চৰকাৰী নিয়ম মতে, মৃতদেহ কৱৰস্থান সমিতিসমূহক গতাই দিলে জানাজা আৰু কৱৰস্থ কৰাৰ বাবে সকলো ব্যৱস্থা কৰিব বুলি কয়৷ কিন্তু প্ৰশাসনক প্ৰয়োজনীয় সামগ্ৰী খিনি দিবলৈ আহ্বান জনায়৷ উক্ত সভা সমাপ্ত হোৱাৰ পিছতে নেকিবুৰ জামান, নুৰুল হক আৰু চাজিদ ৰহমানে এখন সংবাদমেল সম্বোধন কৰি সভাখনত কেইবাটাও প্ৰস্তাৱ লোৱাৰ কথা উল্লেখ কৰে৷ ইছলাম ধৰ্মৰ দাৰ্শনিকসকলে হাজাৰ হাজাৰ বছৰৰ পূৰ্বে ধৰ্ম গ্ৰন্থত উল্লেখ কৰি থৈ যোৱা বিষয় এটাও উল্লেখ কৰে নেকিবুৰ জামানে৷ ইছলামত মহামাৰীত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হলে শ্বহিদী মৰ্যদা লাভ কৰে বুলি কয়৷ অৰ্থাৎ তেনে লোকক কফনৰ কাপোৰ নতুবা গানুধুৱাকৈ জানাজা আৰু কৱৰ দিব পৰাৰ নিয়ম আছে বুলি উল্লেখ কৰে৷ এই ক্ষেত্ৰত অসমৰ এগৰাকী মুফতি খাইৰুল ইছলামৰ এটা অডিঅ’ টেপ প্ৰচাৰ কৰা মহামাৰীত মৃত্যু হোৱা লোকৰ শ্বহিদী মৰ্যদা লাভ কৰে বুলি কয়৷আনহাতে আজি অনুষ্ঠিত সভাত গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহৰ এখন সমন্বয় সমিতি গঠন কৰা হয়৷ নেকিবুৰ জামানক মুখ্য আহ্বায়ক, নুৰুল হক, চাজিদ ৰহমান আৰু ইনামুল ৰহমানক আহ্বায়ক, জোৎস্না আলী, মিৰহুছেইন আলী, মফিজ আলী, নজৰুল ইছলাম, মুছালী আলী, চৈয়দ আবদুৰ ৰছিদ আহমেদ, আজম মিঞা, মুজিবুৰ ৰহমানক সদস্য হিচাপে লৈ সমন্বয় সমিতি গঠন কৰা হয়৷
সভাখনত কৱৰস্থান সমিতিসমূহে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা একাংশ লোকৰ মৃতদেহ সৎকাৰৰ নামত পৰিয়ালে আলাই-আথানিৰ সন্মুখীন হোৱাৰ ঘটনাত দুখ প্ৰকাশ কৰে৷ সভাই আটাইবোৰ কৱৰস্থান সমিতিৰ মতৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰে যে কৱৰস্থানসমূহে নিজ নিজ এলেকাৰ ব্যক্তিৰ ক’ৰোনাত মৃত্যু হলে নিজ নিজ কৱৰস্থানতে ধৰ্মীয় ৰীতি-নীতি আৰু প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জানাজা সম্পন্ন কৰা আৰু কৱৰস্থ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে৷ গুৱাহাটীত যিবোৰ সৰু সৰু কৱৰস্থান অঞ্চল বিশেষে নিৰ্মাণ হৈছে সেই অঞ্চলৰ কোনো লোকৰ কৰ’নাত মৃত্যু হলে যদি সেই ঠাইত কৱৰ দিব পৰা ব্যৱস্থা নাথাকে তেন্তে গুৱাহাটীৰ ডাঙৰ কৱৰস্থান সমিতিসমূহৰ মাজত আলোচনাৰ ভিত্তিত সেই লোকৰ জানাজা আৰু কোনখন কৱৰস্থানত কৱৰস্থ কৰা হ’ব সেই সিদ্ধান্ত লোৱা হ’ব বুলি কৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত কৱৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ যদি চৰকাৰে নিৰ্দেশৰ ভিতৰত পৰে তেন্তে পিপিই কিট পৰিধান কৰি হলেও পৰিয়ালক মৃতদেহ এবাৰ চাবৰ ব্যৱস্থা কৰাৰ লগতে মৃত্যুৰ পিছত মৃতকে পাবলগীয়া সন্মান পোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ গুৱাহাটীৰ বাহিৰৰ কোনো লোকৰ যদি গুৱাহাটীত মৃত্যু হয় আৰু মৃতকৰ পৰিয়ালে যদি মৃতদেহ ঘৰলৈ নিবৰ ব্যৱস্থা কৰাত বাধা আহে তেন্তে গুৱাহাটীৰ কৱৰস্থান পৰিচালনা সমিতিসমূহৰ মাজত আলোচনাৰ মাধ্যমেৰে চৰকাৰী নিৰ্দেশ মতে যিকোনো এখন কৱৰস্থানত মৃতদেহ জানাজা আৰু কৱৰস্থ কৰা আৰু
অসমৰ প্ৰতিখন জিলাৰ কৱৰস্থানসমূহৰ পৰিচালনা সমিতিক যদি কোনো লোকৰ ক’ৰোনাত মৃত্যু হয় তেন্তে সেই লোকৰ জানাজা আৰু কৱৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ সমগ্ৰ অসমৰ কৱৰস্থানসমূহৰ পৰিচালনা সমিতিক আহ্বান জনাই গুৱাহাটীৰ কৱৰস্থান সমিতিসমূহে৷ আনহাতে বহু অঞ্চলত বিভিন্ন ধৰ্মৰ সৎকাৰস্থলিত মৃতদেহ শেষকৃত্য কৰাত বাধা আৰোপ আৰু মৃতদেহ ঘুৰাই পঠোৱা হৈছে বুলি লক্ষ্য কৰাৰ বিষয়ে সভাত আলোচনা কৰা বুলি কয় সংবাদমেলত। মৃতজনক অসন্মান কৰাৰ লগতে পৰিয়ালক মানসিক আতিশয্য চলোৱা হৈছে বুলি অনুভৱ কৰা বুলি কৈ মানবীয় মূল্যবোধ আৰু মৃতকৰ শেষ বিদায় দিয়া কাৰ্যত অপমাৰ নকৰিবলৈ আৰু বিপদত পৰা পৰিয়ালক সহায় কৰিবৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰ্মৰ সৎকাৰস্থলিসমূহৰ পৰিচালনা সমিতিৰ সৈতে আলোচনাৰ্থে এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ আহ্বান জনায়৷গুৱাহাটী মহানগৰ এলেকাত কাৰ্যকৰী হৈ থকা লক-ডাউনৰ ফলত বিপদত পৰা সকলো ধৰ্মৰ দৰিদ্ৰ লোকক সাহায্য দিয়া, লক-ডাউনৰ সময়ত এই সভা অনুষ্ঠিত কৰিব দিয়াত জিলা প্ৰশাসন আৰু আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক’ৰোনা মহামাৰীত আক্ৰান্ত হৈ অকালতে মৃত্যুক আকোৱালি লোৱা সকলো ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে কৱৰস্থান সমিতিসমূহৰ সভাই৷