গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা

297

উত্তৰ-পূবলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বিমানবন্দৰত তেওঁক আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলে।

আজি সন্ধিয়া ৬ বজাত খাৰঘূলীৰ ৰাজ্যিক অতিথিশালাত অসম বিজেপিৰ মূল গোটৰ এখন সভাত অংশগ্ৰহণ কৰাৰ কথা অমিত শ্বাহে।

ইফালে, শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও। তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ অন্যান্য সদস্যই।

শনিবাৰে পুৱা ১০:৩০ বজাত গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত নৱনিৰ্মিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব অমিত শ্বাহে।

ইয়াৰ পিছতে দিনৰ ১ বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া দলীয় কৰ্মী সভাত অংশ ল’ব নাড্ডা আৰু শ্বাহে।

শ্বাহ আৰু নাড্ডাই উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰাৰ লগতে শনিবাৰে সন্ধিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিব।

দেওবাৰে বিয়লি শ্বাহে ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গোলাঘাটৰ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ভ্ৰমণ কৰিব।

আনহাতে দুই-এখন সভাত অংশ লৈ শনিবাৰে সন্ধিয়া নাড্ডা দিল্লীলৈ উভতিব, আনহাতে দেওবাৰে সন্ধিয়া শ্বাহে ৰাজ্যৰ পৰা ৰাওনা হ’ব।