গুৱাহাটীত অবৈধ ব্ৰয়লাৰ ব্যৱসায়

71

চানমাৰি আৰক্ষীয়ে জব্দ কৰিলে নাম্বাৰ বিহীন বলেৰো পিকাপ ভান

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ ঠাই বিশেষে অবৈধ ব্ৰয়লাৰ ব্যৱসায় চলি আছে। গুৱাহাটী মহানগৰীত লকডাউন চলি থকা সময়তে এচাম অসাধু ব্যৱসায়ীয়ে আৰক্ষীক মেনজ কৰি নিজৰ ব্যৱসায় সুচাৰুৰূপে চলায় আছে ৷ মহানগৰীৰ লকডাউনৰ সময়ছোৱাত মাছ – মাংসৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ যদিও এচাম ব্যৱসায়ীয়ে অধিক চৰা দামত মাছ – মাংস বিক্ৰী কৰা
দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে আজি পুৱা ৯ বজাত চানমাৰি আৰক্ষীয়ে ব্ৰয়লাৰ কঢ়িয়াই অনা পিকাপ ভান এখন জব্দ কৰে ৷ চানমাৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে নাম্বাৰ বিহীন বলেৰো পিকাপ ভান খনে বকোৰ পৰা খানাপাৰালৈ ব্ৰয়লাৰ মুৰ্গী কঢ়িয়াই আনি থকা অৱস্থাত শিলপুখুৰী অঞ্চলত আৰক্ষীয়ে গাড়ী খন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰিফুল ইছলাম নামৰ গাড়ীচালক জনে গাড়ীখন চলাই আনিছিল ৷ পাছত গাড়ীৰ সৈতে চালকক আৰক্ষীয়ে চানমাৰি থানলৈ আনে ৷চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গাড়ী খন নতুন ৷ সেইবাবেই নম্বৰ প্লেট সংলগ্ন হোৱা নাই ৷ ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা গাড়ীখনৰ স্বত্বাধিকাৰী আৰু চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।