গুৱাহাটীৰ অবৈধ কল চেণ্টাৰত আৰক্ষীৰ অভিযান।
গুৱাহাটীৰ হাতীগাঁও থানাৰ অন্তৰ্গত হাতীগাঁৱৰ কল চেণ্টাৰত আৰক্ষীয়ে অভিযান চলাই ৪জন যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, হাতীগাঁৱৰ অ’ এ বিজিনেছ ছ’লিউশ্বন নামৰ কল চেণ্টাৰত অবৈধভাৱে বহিঃৰাষ্ট্ৰত ফোন কৰি সৰ্বসাধাৰণ নাগৰিকক প্রবঞ্চনা কৰি আহিছিল।
তদুপৰি কল চেণ্টাৰটোৱে বিদেশত ভুৱা কল ৰোধৰ বাবে টেকন’লজী বিক্ৰীৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে।
এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কল চেণ্টাৰটোত অভিযান চলাই কম্পিউটাৰৰ হার্ডডিস্ক, বহু নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।
লগতে ১৫গৰাকী যুৱক-যুৱতীকো আটক কৰে আৰক্ষীয়ে।
পিছত আৰক্ষীয়ে সোধা পোছা কৰি ১১জন যুৱক-যুৱতীক মুকলি কৰি দিয়ে আৰু ৪জন যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে।
ধৃত যুৱক-যুৱতীকেইজন হৈছে জাহিদা আহমেদ, অংকিতা শৰ্মা, অৰবিন্দ শলগ্রামী আৰু পংকজ দেৱ নাথ।
আৰক্ষীয়ে ৪জন অভিযুক্তক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।
আদালতে 8 অভিযুক্তক তিনি দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।