গুৰু – শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে

173

প্ৰেমকুমাৰ ৰূপত গহপুৰৰ এজন শিক্ষক ।
গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক সানিলে গহপুৰৰ ৰমানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰমা হাজৰিকাই।গহপুৰৰ এখন উতপ্ত পৰিস্থিতি। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগা হৈছে বিদ্যালয়ৰ পৰিস্থিতি৷ গহপুৰৰ ৰমানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ঘটা লজ্জাজনক ঘটনাৰ বাবেই এই পৰিবেশ বিদ্যালয় খনত । বিদ্যালয় খনৰ হিন্দী শিক্ষক ৰমা হাজৰিকাৰ কু কাণ্ডৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। গুৰু – শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে ৰমা হাজৰিকাই। ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰাৰ পৰিৱৰ্তে ছাত্ৰীৰ বুকুত চুই বস্ত্ৰ আঁতৰাই দিয়া গুৰুত্বৰ অভিযোগ স্বয়ং ভুক্তভুগী ছাত্ৰীয়ে দিলে আৰক্ষীক। শিক্ষক ৰমাকান্তৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ পিছতেই অভিভাৱক সকলে ঘেৰাও কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে শিক্ষক ৰমানন্দ হাজৰিকাক । এই ঘটনা লৈ সমগ্ৰ গহপুৰৰ দ’লগুৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।