গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত পোন প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ সদস্য

185

গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত পোন প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ সদস্য। ছোনীয়া তনয়া তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে বিয়লি উপস্থিত হয় বটদ্ৰৱা থানত । বটদ্ৰৱা থানৰ জাপি বাটচৰাৰে প্ৰবেশ কৰি শৰাই নৈবেদ্য লৈ বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰবেশ কৰি বটদ্রৱা থানৰ কীৰ্তনঘৰত ভকত বৈষ্ণৱৰ আশীৰ্বাদ গ্ৰহন কৰে প্ৰিয়ংকা গান্ধীয়ে। বটদ্ৰৱা থান প্ৰাংগনত গায়ন বায়ন, দিহা নাম আদি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি প্ৰিয়ংকা গান্ধীক আদৰণি জনাই।

বটদ্ৰৱা থানৰ নাটঘৰত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা আঁত ধৰা অনুষ্ঠানত বটদ্রৱা নোৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্তকে প্ৰমুখ্য কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য সকলে শৰাই, ধৰ্মবস্ত্ৰ, কুহিলা কঠৰে তেখেতক আদৰনি জনাই।

পৰবৰ্তী সময়ত বটদ্ৰৱা থানৰ পৰা প্ৰস্থান কৰি গান্ধীয়ে বটদ্ৰৱাৰ বাটমাৰী- হাইডুবি খেলপথাৰত বটদ্ৰৱাৰ মহাজোঁট ৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে।