গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ গোঁসাই ফুৰোৱা উৎসৱ

107

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ দৌল মহোৎসৱ উপলক্ষে গুৰুজনাৰ পবিত্ৰ জন্মভূমি নগাঁও জিলাৰ শ্ৰীশ্ৰীবটদ্ৰৱা থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগত ঘটা লাখ-লাখ ভকত-বৈষ্ণৱৰ সমাগমে এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰিছে। হৰি নামৰ অমিয়া ধ্বনিৰে বটদ্ৰৱাৰ আকাশবতাহ মুখৰিত হৈ পৰা লগতে লাখ লাখ ভকত-বৈষ্ণৱৰ পদৰেণুৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈ পৰিছে বটদ্ৰৱা থান।

আজি বটদ্ৰৱাত দৌল উৎসৱৰ তৃতীয় দিনা গোসাঁই ফুৰোৱা উৎসৱ। দুপৰীয়া কীৰ্তনঘৰৰ নাম প্ৰসঙ্গৰ পিছত দিনৰ ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, গো-মুখ শংঙ্খৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়ানামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্ণিল সমাহাৰৰে ফাকুৰ গুৰি সিঁচি সিঁচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললৈ যাত্রা কৰে।

পুৱা ৪.৩০ বজাত তাল কোবোৱা, মঞ্জিৰা নাম, ৮ বজাত আইসকলৰ নাম প্ৰসঙ্গ, ১১ বজাত খোল প্ৰসঙ্গ, ডেৰপৰীয়া নাম আৰু আনফালে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱৰ হৰি নামৰ অমৃত ৰসৰ মাজত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা হৈছে। শিশু বৃদ্ধ সকলোৱে আনন্দত আত্মহাৰা হৈ কৃষ্ণ নামৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা আকাশ বতাহ মুখৰিত কৰি তুলিছে।

আনহাতে বটদ্ৰৱা দৌল মহোৎসৱত সমবেত তীৰ্থ যাত্ৰী সকলে যোৱা নিশা আকাশীগংগা চৌহদ, কীৰ্তন ঘৰ চৌহদ, হাটী পুখুৰী, পদশিলা, পটশিলা, টেম্বুৱানীজানৰ চৌহদ, সতীৰাধিকা আৰু দৌল মন্দিৰ চৌহদ হৰিনামৰ ধ্বনিৰে মুখৰিত হয়। বটদ্ৰৱাৰ আকাশ বতাহত কৃৃষ্ণ নাম গুনানুকীৰ্তনৰে এক অপূূৰ্ব বাতাবৰণ সৃষ্টি হয়। প্ৰতিজন ভকত বৈষ্ণৱে নিজ পৰিয়ালৰ সৈতে এমুঠি নিৰামিষ অন্ন প্ৰসাদ তৈয়াৰ কৰি ভোজন কৰাৰ দৃশ্যৰাজিয়ে আন এক নান্দনিক ভক্তিৰসৰ সূচনাও কৰে।

আজি বিয়লিৰ গোসাঁই ফুৰোৱা উৎসৱত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুবজ্যোতি বৰা, অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ আহ্বায়ক দেৱজিৎ বৰা আদিকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক প্ৰদক্ষিণ কৰোৱাৰ পাছত পাছত গোসাঁইক বটদ্ৰৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শ’লগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাৰ লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত “দুৱাৰ ধৰা” নামৰ বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱাৰ পাছতে বটদ্ৰৱাৰ দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিল।

দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। যোৱানিশা গোপাল জালানে শুভ উদ্বোধন কৰা সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে। শিল্পী ৰাজীৱ বৰঠাকুৰৰ পৰিচালনাত ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য,লোক নৃত্য, লোক সংগীত,বৰগীত,
শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা অনুষ্ঠানত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱা আৰু প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।