গুটখা খোৱাকলৈ একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ বিদ্যালয়ৰ পৰা

144

নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ দশম শ্ৰেণীক একাদশ শ্ৰেণীৰ ছাত্ৰৰ মাৰপিট,অধ্যক্ষৰ উপস্থিতি সাময়িকভাৱে ছয়গৰাকীকৈ একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ বিদ্যালয়ৰ পৰা।

গোলাঘাট জৱাহৰ নবোদয় বিদ্যালয়ৰ বাতৰি মাৰ নৌ যাওঁতেই এইবাৰ নাজিৰা জৱাহৰ বিদ্যালয়ৰ ছাত্ৰ নিবাসত সংঘটিত হৈছে অন্য এক ঘটনা।

বুধবাৰে নিশা নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ মাৰপিট,কাজিয়াৰ সূত্ৰ পাত হয় জেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰৰ মাজত। মাৰপিট তথা কাজিয়াৰ সূত্ৰপাতৰ খবৰ পায় ঘটনাস্থলীত উপস্থিত হয় নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ । যদিও ঘটনাস্থলীত অধ্যক্ষ উপস্থিত হয় গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীয়ো ছাত্ৰ ।এই ঘটনাৰ পিছতেই বিদ্যালয়খনৰ অধ্যক্ষই জেষ্ঠ ছয়গৰাকীকৈ ছাত্ৰক বহিষ্কাৰ কৰে বিদ্যালয়ৰ পৰা।

এতিয়া একাংশ অভিভাৱকৰ মাজত এটাই প্ৰশ্ন জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত থকা ছাত্ৰ-ছাত্ৰীসকল সঁচাই সুৰক্ষিত নহয়নি,নে ছাত্ৰাবাসৰ দায়িত্বত থকা প্ৰহৰীসকলৰ এই ক্ষেত্ৰত চোৱা-চিতা কৰা ক্ষেত্ৰত গাফিলতি কৰিছে নি এই প্ৰশ্নৰ উদয় হৈছে সচেতন অভিভাৱকৰ মাজত। কিয়নো ছাত্ৰাবাসত থকা ছাত্ৰ সকলে মাদক দ্ৰব্য ব্যৱহাৰ কৰিছে এই ক্ষেত্ৰত দায়িত্ব থাকে ছাত্ৰাবাসৰ প্ৰহৰীৰ।

বুধবাৰে নিশা নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ত সংঘটিত এই ঘটনাক লৈ সৰ্বত্ৰে এতিয়া চৰ্চা,এই মাৰপিটৰ ঘটনা কি কাৰণে সংঘটিত হ’ল,ৰেগিং নে অন্য কিবা। অধ্যক্ষৰ ভাষ্য অনুসৰি প্ৰকৃততে এই ঘটনা সংঘটিত হৈছিল গুটখা খোৱাক লৈ হে , তাত কোনো ধৰণৰ ৰেগিংৰ দ্বৰে ঘটনা সংঘটিত হোৱা নাছিল ।