গুজৰাটৰ বদোদৰাত ভয়ংকৰ দুৰ্ঘটনা, ৬ জনৰ মৃত্যু

294

নিউজ ডেস্কঃ গুজৰাটৰ বদোদৰাত ভয়ংকৰ দুৰ্ঘটনা।

বিলাসী যাত্ৰীবাহী বাছ আৰু ট্ৰেইলাৰ ট্ৰাকৰ মাজত সংঘৰ্ষত নিহত কমেও ৬ জন যাত্ৰী।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ১৫ জন যাত্ৰী।

মঙলবাৰে বদোদৰাৰ কপুৰাই ব্ৰীজ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

এখন ঘেঁহুভৰ্তি ট্ৰাকক অভাৰটেক কৰিবলৈ গৈ বাছখনে খুন্দা মাৰে ট্ৰেইলাৰ ট্ৰাকত।

দুৰ্ঘটনাৰ ফলত বিলাসী বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

ইফালে দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে আহত সকলক বদোদৰাৰ ছায়াজী হাস্পতাললৈ প্ৰেৰণ কৰে।