গুজৰাটৰ চুৰাটৰ শচীন এলেকাৰ ৱৰ্ল্ড লাভ ডাইং এণ্ড প্ৰিণ্টিং মিলৰ ওচৰত এখন টেংকাৰৰ পৰা গেছ লিক হোৱাৰ ফলত শ্বাসৰুদ্ধ হৈ মিলটোৰ ৬জন কৰ্মচাৰীৰ মৃত্যু হয়। আনহাতে এই ঘটনাত ২৫ জনৰো অধিক লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, অচিনাক্ত টেংকাৰ চালকজনে মিলটোৰ ওচৰৰ এটা নলাত বিষাক্ত ৰাসায়নিক এৰি আছিল। সেই সময়তে বিষাক্ত গেছ লিক হৈ মিলটোৰ ৬ জন লোকৰ মৃত্যু ঘটে।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।