গুজৰাটত মাছমৰীয়াৰ নাওৰ পৰা জব্দ ২৭৩০ লিটাৰ অতি জ্বলনশীল ইন্ধন, ৮ জনক গ্ৰেপ্তাৰ

233

গুজৰাটৰ নৱছাৰিত মেৰিন আৰক্ষীয়ে মাছ ধৰা নাও এখনত ১৩ বেৰেলত জমা হৈ থকা ২৭৩০ লিটাৰ অতি জ্বলনশীল ইন্ধন জব্দ কৰাৰ লগতে এই সন্দৰ্ভত ৮ জন ক্ৰু মেম্বাৰক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জব্দ কৰে ২৯ লাখ টকাৰ সামগ্ৰী, ইয়াৰ ভিতৰত আছে ২ লাখ টকাৰ ইন্ধন।

আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে মাছ ধৰা নাওখনে অবৈধ ৰাসায়নিক দ্ৰব্য বা ডিজেলৰ ব্যৱসায় চলাইছিল।