গুজৰাটত টকা দি ভোট কিনিছে বিজেপিয়ে, চচিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ’

71

ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভাৰ ৮ খন আসনৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনৰ মঙলবাৰে ভোটগ্ৰহণ সম্পন্ন হয়। কিন্তু ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বে পুৱাই ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ ব্যাপক চৰ্চা চলিছে গুজৰাটত। ভিডিঅ’টোক লৈ বিজেপিয়ে টকা দিন ভোট ক্ৰয় কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলিছে কংগ্ৰেছে। ইতিমধ্যে নিৰ্বাচন আয়োগতো অভিযোগ দাখিল কৰিছে কংগ্ৰেছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো বড়োডৰাৰ কৰজন বিধানসভা সমষ্টিৰ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত এজন ব্যক্তিয়ে এখন অটোত গৈ থকা কেইবাজনো লোকৰ হাতত টকা গুজি দিয়া দেখা গৈছে। কংগ্ৰেছৰ দাবী- এনেকৈয়ে বিজেপিয়ে ভোটক্ৰয় কৰিছে উপ নিৰ্বাচনৰ বাবে।

কংগ্ৰেছৰ অভিযোগ আৰু ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে নিৰ্বাচনে তৎপৰতা গ্ৰহণ কৰিছে যদিও এই মুহূৰ্তলৈকে কোনো লোকক আটক কৰিব পৰা নাই বা ভিডিঅ’টোৰ ৰহস্যও উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, মঙলবাৰে গুজৰাটৰ কচ্ছ জিলাৰ অৱডাছা, সুৰেন্দ্ৰ নগৰৰ লিম্বড়ী, মোৰৱী জিলাৰ মোৰৱী, আমৰেলী জিলাৰ ধাৰী, বোটাডৰ গঢডা, বড়োডৰাৰ কৰজন, ডাংগ দিলাৰ ডাংগ আৰু বলছাডৰ কপৰাড বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। সমষ্টিকেইটাৰ তৎকালীন কংগ্ৰেছ বিধায়কৰ পদত্যাগৰ পিছতে খালী হৈ আছিল বিধায়কৰ আসন।