ডিজিটেল ডেস্ক : গুজৰাটৰ ৰাজকোটৰ শিৱানন্দ হস্পিতালত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা । এই হাস্পতালখন কোভিড চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
এই অগ্নিকাণ্ডৰ ফলত ৫ জন লোকৰ মৃত্য হোৱা বুলি জানিব পৰা গৈছে । এই অগ্নিকাণ্ডৰ প্ৰকৃত ৰহস্য কি সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰোপানীয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে ।
