ৰাজ্যত সক্ৰিয় হৈ উঠিছে নাৰী সৰবৰাহ চক্ৰ। এইবাৰ বহিঃৰাজ্যত উদ্ধাৰ হল নৱগঠিত তামুলপুৰ জিলাৰ ৮ গৰাকীকৈ মহিলাক। আৰক্ষীৰ সহযোগত এছএছবিয়ে গুজৰাটৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলা কেইগৰাকীক।
জানিব পৰা মতে, তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৰকাজুলি, তুপা, ভাংবাৰী বাঁহবাৰী আদি অঞ্চলৰ অনেক মহিলা-যুৱতীক দুষ্ট চক্ৰই বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে লৈ যায়। গুৱাহাটীৰ পৰা ৰে’লযোগে মহিলা কেইগৰাকীক লৈ যোৱা হৈছিল গুজৰাটলৈ।
উদ্ধাৰ কৰা মহিলাৰ ভাষ্য অনুসৰি, দীৰ্ঘদিনে কাম কৰাৰ অন্তত দৰমহা নিদিয়াত মালিক পক্ষৰ পৰা জানিব বিচৰাত তেওঁলোকক লৈ যোৱা মহিলাগৰাকীয়ে দৰমহা লৈ যোৱা বুলি উল্লেখ কৰাৰ পিছতে হুুুৱা দুৱা লাগে এইসকল মহিলাৰ মাজত। কুমাৰীকাটা আৰক্ষী চকী লৈ অনাৰ পিছত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাই অব্যাহত ৰাখে সোধা–পোছা।