গাহৰিও বিষ্ণুৰ অৱতাৰ, ইয়াক নিষিদ্ধ কৰকঃ দাবী আব্দুল খালেকৰ

120

গুৱাহাটীঃ ‘যদি হিন্দু সকলৰ বাবে গো হত্যা অপৰাধ, তেন্তে গাহৰি হত্যা কৰাও নিষিদ্ধ কৰা উচিত। কাৰণ গাহৰি আৰু মাছ ভগৱান বিষ্ণুৰ অৱতাৰ।’- এই মন্তব্য কংগ্ৰেছ বিধায়ক আব্দুল খালেকৰ। অসম চৰকাৰৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে অনা পশুধন বিধেয়কক লৈ আজি এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে আব্দুল খালেকে।

ইছলাম ধৰ্মৰ পবিত্ৰ ঈদৰ পূৰ্বে এনে এখন পশুধন বিধেয়ক আনি চৰকাৰে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ বিধায়কগৰাকীয়ে। লগতে তেওঁ কয় যে ধৰ্মীয় স্থানৰ এক কিলোমিটাৰৰ ভিতৰত গো মাংস বিক্ৰী নিষিদ্ধ কৰাত কোনো আপত্তি নাই। কিন্তু ৫ বৰ্গ কিলোমিটাৰৰ ভিতৰত মাংস বিক্ৰী নিষিদ্ধ কৰাত ইয়ে অসমৰ অৰ্থনীতিত প্ৰভাৱ পেলাব।

আব্দুল খালেকে অভিযোগ উত্থাপন কৰি কয় যে পশুধন বিধেয়কত পশু বিক্ৰী আৰু পশু পৰিবহণ- এই দুটা বিষয় আছে। ইয়াৰে পৰিবহণ ব্যৱস্থাৰ জৰিয়তে চৰকাৰখনে ভৱিষ্যতৰ দিনত বৃহৎ ছিণ্ডিকেট গঢ়াৰ আশংকা প্ৰকাশ কৰে খালেকে৷ এনে এখন বিধেয়কতকৈ ৰাজ্যত মদ নিষিদ্ধ কৰাৰ বাবে বিধেয়ক অনাৰ হে অধিক পোষকতা কৰে কংগ্ৰেছ বিধায়কগৰাকীয়ে।