গান্ধী মণ্ডপৰ নলা নিৰ্মাণৰ নামত গড়কাপ্তানিৰ ঠিকাদাৰে চিঙিলে পৌৰনিগমৰ পানীৰ পাইপ

81

গড়কাপ্তানি- পৌৰনিগমৰ সমন্বয়ৰ অভাৱৰ ফল ভোগ
কৰিছে সাধৰন ৰাইজে

ষ্টাফৰিপৰ্টাৰ, ৮ জুন : গুৱাহাটীৰ মহানগৰীৰ উলুবাৰীস্থিত দক্ষিণ শৰণীয়া গান্ধী মণ্ডপপথৰ একাশং নলা নিৰ্মানৰ নামত সোমবাৰে গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে গুৱাহাটী পৌৰনিগমৰ পানীৰ পাইপ চিঙি পেলালে। উল্লেখ মাত্ৰ কেইমাহ মান পূৰ্বে এই নলাটো নিৰ্মাণ কৰিছিল অন্য এগৰাকী গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে ৷ মাত্ৰ এবছৰ নহও তেই পুনৰ একেটা নলা নিৰ্মাণ কৰিবলগা হোৱাৰ বাৱে সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত উঠিছে ৷ কিয়নো এই নলাটো নিৰ্মান কৰিলে যদিও কোনো ধৰনৰ কামত নাহিল, কেবল চৰকাৰী ধন অপব্যৱহাৰ হ’ল বুলি একাংশ স্থানীয় বাসিন্দাই অভিযোগ উত্থাপন কৰে। এইবাৰ সঞ্জীৱ মহেশ্বৰী নামৰ ঠিকাদাৰ গৰাকীয়ে নলা মেৰামতিৰ কামটোৰ ঠিকা আবন্তন লাভ কৰে ৷ কিন্তু কাম আৰম্ভ কৰাৰ পৰা ঠিকাদাৰ গৰাকীক স্থানীয় ৰাইজে আজিলৈকে দেখিবলৈ পোৱা নাই ৷ ঠিকাদাৰ গৰাকীৰ চুপাৰভাইছৰ হিচাপে কাম চোৱা চিতা কৰে’
নিৰেজ পাটোৱাৰী নামৰ ব্যক্তি এজনে ৷ স্থানীয় ৰাইজৰ অভিযোগ কাম আৰম্ভ কৰাৰ আগতে গড়কাপ্তানি বিভাগ- গুৱাহাটী পৌৰ নিগমৰ বিষয়াৰে আলোচনা মৰ্মে আগবাঢ়িলে এনেদৰে পানীৰ পাইপ চিঙিব লগীয়া নহলহেঁতেন বুলি অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুোৰি দুয়োটা বিভাগৰ সমন্বয়ৰ অভাবৰ ফল সৰ্বসাধাৰণ ৰাইজে ভোগ কৰিবলগীয়া হ’ব সেয়া নিশ্চিত৷ কিয়নো এই নলাটোত ভালে সংখ্যক পানীৰ পাইপ ’ চাবি সংস্হাপিত হৈ আছে ৷ ঠিকাদাৰ জনৰ চুপাৰভাইছৰ জনে স্হানীয় ৰাইজক জনোৱা মতে ভালে সংখ্যক পানীৰ পাইপ ছিঙিব সেয়া নিশ্চিত ৷ স্হানীয় ৰাইজৰ অভিযোগ পানীৰ পাইপ চিঙিব বুলি জানিও কিয় পৌৰ নিগমৰ বিষয়াৰ লগত আলোচনা হোৱা নাই ৷পাইপ সমুহ চিঙাৰ পিছত কিমান দিনৰ ভিতৰত মেৰামতি কৰি দিব সেই বিষয়ে গড়কাপ্তানি বিভাগে ৰাইজক জনাব লাগিব ৷ এই গেলা গৰমত এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লাগিব ’ অঞ্চলবাসী ৰাইজে সেয়া নিশ্চিত ৷সোমবা ৰে চিঙি পেলোৱা পাইপ দাল মেৰামতি কৰি দিবলৈ ঠিকাদাৰ জনৰ চুপাৰভাইছৰ নিৰেজ পাটোৱাৰীক অৱগত কৰা হৈছে ’যদিও তেওঁ কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উথ্থাপন হৈছে ৷চিঙি পেলোৱা
পানীৰ পাইপ দাল সোনকালে মেৰামতি কৰি নিদিলে ভালেসংখ্যক স্হানীয় নাগৰিকে খোৱা পানীৰ পৰা বন্চিত হব সেয়া সহজয়ে অনমেয় ৷ এইক্ষেত্ৰত স্হানীৰ ৰাইজৰ অন্য এক গুৰুতৰ অভিযোগ ২০১৪ বৰ্ষত প্ৰায় চয় কৌটি টকাৰ আৱন্তনৰে গান্ধীমন্ডপ পথছোৱা নিৰ্মানৰ গড়কাপ্তানি বিভাগৰ পৰা আৱন্তন লাভ কৰে অন্য এগৰাকী ঠিকাদাৰে ৷ ২০১৪ বৰ্ষৰ ২৮ ফ্ৰেব্ৰুৱাৰী তাৰিখে সেই সময়ৰ গড়কাপ্তানি মন্ৰী অজন্তা নেওগে পথচোৱাৰ আধৰশিলা স্হাপন কৰে ৷সেই মৰ্মই ঠিকাদাৰ গৰাকীয়ে কামটো আৰম্ভ কৰিবলৈ লয় ৷ এইখিনিতে সাধৰন ৰাইজৰ অভিযোগ সেই ঠিকাদাৰ গৰাকীৰ চুপাৰভাইছৰ আছিল এই গৰাকী নিৰেজ পাটোৱাৰী ৷৷ এই চুপাৰভাইছৰ গৰাকীয়ে স্হানীয় ৰাইজ অভিযোগৰ কোনো গুৰুত্ব নিদিয়ে ৷ যাৰ বাবে সেই সময়ত নিৰ্মান কৰা পথচোৱাৰ প্ৰায় এশ ফুট দুৰত্ব পথ দ’কৈ বনোৱাৰ বাৰে- বাৰে ৰাইজে অভিযোগ দিয়াৰ পিছতো গুৰুত্ব নিদিলে ৷সেই অশংতোত আজিলৈকে মেৰামতি নহল ৷৷ইয়াৰ ফলত এজাক বৰষুণ দিলেই পানীৰে পথচোৱা উপচি পৰে ৷ সেইবাবেই স্হানীয় ৰাইজে গড়কাপ্তানি বিভাগৰ প্ৰতি আহ্বান এই এশ ফুট পথচোৱা দ্ৰেইন মেৰামতি কৰাৰ সময়তে পুন নিৰ্মান কৰি দিয়ক ৷ একাংশ স্হানীয় ৰাইজে নিৰেজ নামৰ চুপাৰভাইছৰ জনে পুৰ্বে ভুল কৰি যোৱাৰ নিচিনাকৈ এইবাৰ পুনৰাবৃত্তি নহয় তাৰ বাবেই অধিক সতৰ্কৰে গড়কাপ্তানি বিভাগৰ বিষয়া আৰু ঠিকাদাৰ সঞ্জীৱ মহেশ্বৰীক অনুৰোধ জনায় ৷ অন্যথা কাম বন্ধ কৰি দিব বুলি একাংশ স্থানীয় ৰাইজে ঠিকাদাৰ গৰাকীক সকীয়নি দিয়ে ৷পুৰ্বে নিৰ্মান কৰা ঠিকাদাৰ জনৰ চুপাৰভাইছৰ নিৰেজ পাটোৱাৰীৰ ভুলৰ বাবেই এই অশংটো শোচনীয় অৱস্থা হৈ ৰ’ল ৷