গান্ধী মণ্ডপত প্রকাণ্ড গছ উভালি বিপদজনক অবস্থাত থকাত স্থানীয় ৰাইজৰ দুৰ্ভোগ

88

ষ্টাফৰিপৰ্টাৰ, বিগত সপ্তাহৰ
নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত ভুমিস্খলনত ঘটনা সংঘটিত হৈছে ৷ যাৰ ফলত মহানগৰীৰ কাহিলীপাৰা আৰু খাৰঘুলিৰ হিড়িম্বাপুৰত দুগৰাকী লোকৰ মৃত্যু হয় ৷ ইয়াৰ মাজতে মঙলবাৰে মহানগৰীৰ উলুবাৰীস্থিত গান্ধীমণ্ডপৰ কেইবাটাও স্থানত ভুমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ ইয়াৰ বাবে গান্ধী মণ্ডপৰ পথচোৱাত ঠায়ে ঠায়ে
মাটি শিল পৰি আছে। স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে গান্ধীমাণ্ডপৰ বিপৰীত ফালে এডাল প্রকাণ্ড গছ উভালি অতি বিপদজনক অবস্থাত পৰি আছে ৷ গান্ধী মণ্ডপ পথছোৱাৰ বাওঁফালে গান্ধীবস্তীৰ এক জনবসতি অঞ্চল ৷ সেই জনবসতি এলেকাৰ ওপৰৰ পিনে ওলমি আছে উঘালি পৰা গছজোপা ৷ যিকোনো মুহূৰ্তত গছজোপা তলৰ পিনে বাগৰি যোৱাৰ পুৰ্ন সম্ভাবনা আছে ৷ এনে ক্ষেত্ৰত যদি প্ৰশাসনে কোনে পদক্ষেপ গ্ৰহন নকৰিলে যিকোনো মুহূৰ্তত এক ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাবনা আছে। ইফালে একাংশ স্থানীয় ৰাইজে গছজোপাৰ তলৰ ফালে বসবাস কৰা সকলক সাবধানতা অবলম্বন কৰিবলৈ অনুৰোধ জনায়৷ অন্যথা যি কোনো সময়ত বিপদজনক ঘটনা ঘটিব পাৰে ৷