জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তীত মহান মনিষিগৰাকীক সশ্ৰদ্ধাৰে সুৱঁৰিছে সমগ্ৰ ভাৰতবৰ্ষই। গান্ধী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে কয় যে মহাত্মা গান্ধীৰ শিক্ষাই কেৱল এখন স্বাধীন, স্বাৱলম্বী ভাৰতৰ বাবেই নহয়, বহুতো আধুনিক সভ্যতাৰ পথ প্ৰশস্ত কৰিছে।
আজিও গান্ধীৰ শিক্ষাই মানৱ জাতিক এক উন্নত ভৱিষ্যতৰ বাটেৰে আগুৱাই নিয়ে বুলি মন্তব্য কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে। ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য ন্যায়াধীশ ৰমনে কয় যে গান্ধীৰ মতাদৰ্শক আগুৱাই নিয়াৰ দায়িত্ব আজিৰ যুৱ প্ৰজন্মই গ্ৰহণ কৰিব লাগিব।
