গান্ধীধাম-পুৰী এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

117

শনিবাৰে পুৱা প্ৰায় ১০:৩৫ বজাত মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ ষ্টেচনৰ সমীপত গান্ধীধাম-পুৰী এক্সপ্ৰেছৰ পেণ্ট্ৰী ডবাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে এতিয়ালৈকে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে।

এই অগ্নিকাণ্ডৰ বিষয়ে জানিবলৈ দি ৰে’লৱে বিভাগে এক বিবৃতি জাৰি কৰি কয়, “প্ৰায় ১০.৩৫ বজাত গান্ধীধাম-পুৰী এক্সপ্ৰেছ ৰেলখন নন্দুৰবাৰ ষ্টেচনত প্ৰৱেশ কৰি থকা অৱস্থাত পেণ্ট্ৰী ডবাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰথমে এই জুই ডিৱাই এছএছ/নন্দুৰবাৰৰ দ্বাৰা প্ৰত্যক্ষ কৰাৰ পিছত নন্দুৰবাৰ নিয়ন্ত্ৰণক অৱগত কৰা হয়। ষ্টেচন আৰু ৰেলত উপলব্ধ অগ্নি নিৰ্বাপক যন্ত্ৰসমূহ জুই নুমুৱাবলৈ ব্যৱহাৰ কৰা হয়। লগতে, অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰা হৈছে।”

ৰেলৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডৰ পিছতে পেণ্ট্ৰী ডবাটো ৰে’লৰ পৰা পৃথক কৰা হয়। যাৰ ফলত ৰেলখনৰ যাত্ৰীসকল এক নিশ্চিত ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত বৰ্তমান অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে।