গাজাত পুনৰ আক্ৰমণ ইজৰাইলৰ

15

যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত, এনে লাগিছিল যেন বিগত ১৫ মাহ ধৰি হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়া সমাপ্ত হ’ব। কিন্তু ভবা মতে নহ’ল। আকৌ এবাৰ গাজাত আক্ৰমণ ইজৰাইলৰ।আক্ৰমণত বৰ্তমানলৈ মৃত্যু লোকৰ সংখ্যা ১০০জন।মৃতসকলৰ ভিতৰত আছে বহুতো শিশু আৰু মহিলা।১৫ মাহ ধৰি চলি থকা বিধ্বংসী যুদ্ধ আৰু বহুতো ইজৰাইলী বন্দীক মুক্তি দিয়াৰ বাবে এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। কিন্তু পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে ইজৰাইলে গাজাত এয়াৰষ্ট্ৰাইক কৰে।উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণ কৰিছিল। য’ত ১,২০০ৰো অধিক লোক নিহত হোৱা লগতে ২৫০জনক বন্দী কৰি ৰখা হৈছিল। ইয়াৰ পিছত, ইজৰাইলে হামাছৰ ওপৰত বোমা বিস্ফোৰণ কৰাৰ উপৰিও গাজাত বৃহৎ অভিযান আৰম্ভ কৰে।এতিয়ালৈকে, ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৪৬ হাজাৰৰো অধিক লোক নিহত হৈছে।