গভীৰ সংকটত দেশৰ যৌন কৰ্মী! ৰেছন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

80

ডিজিটেল ডেস্কঃ কোৰোনা মহামাৰী আৰু লকডাউনৰ ফলত বৰকৈ প্ৰভাৱিত হৈছে যৌনকৰ্মীসকল৷ ভাৰতত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছৰ সময়ছোৱাত এসাজ ভাতৰ বাবেও হাহাকাৰ কৰিবলগা হৈছে যৌনকৰ্মীসকল৷ চৰকাৰ তথা সমাজৰ পৰা সদায় ক্ৰুৰ দৃষ্টি লাভ কৰা এই যৌনকৰ্মীসকলে নিজৰ এনে দুৰ্যোগৰ সময়ত সহায় বিচাৰি আবেদন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত৷ সেই আবেদনৰে শুনানি গ্ৰহণ কৰি মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহক যৌন কৰ্মীসকলৰ বাবে ৰেছন কাৰ্ড তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে৷

ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক এই নিৰ্দেশ দি দুই সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাৰ বিচাৰপীঠে কয়ে, ‘তেওঁলোক এতিয়া গভীৰ সংকটত আছে, এই বিষয়টো গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত কৰা উচিত৷’