গণ আক্ৰমণত প্ৰাণ হেৰুওৱা অনিমেশ ভূঞাৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

86

শনিবাৰে দেৰগাঁও ভ্ৰমনকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট কাণ্ডত প্ৰাণ হেৰুওৱা অনিমেশ ভূঞাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে কথা পতাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰে।

পৰিয়ালক সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই পৰিয়ালকটোক ক্ষতিপূৰণ হিচাপে ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

টুইটাৰত এই ভ্ৰমণৰ বিষয়ে অৱগত কৰি তেওঁ লিখিছে, “যোৰহাটৰ প্ৰাক্তন আছু নেতা অনিমেশ ভূঞাৰ অভিভাৱকসকলক লগ পাইছোঁ। যাৰ দুৰ্ভাগ্যজনক মৃত্যুৱে আমাৰ সকলোকে বেদনা দিছে। মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁলোকক ক্ষতিপূৰণ হিচাপে ৫ লাখ টকাৰ চেক প্ৰদান কৰিছোঁ। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে তদন্ত চলাই আছে আৰু গোচৰটোৰ দ্ৰুত বিচাৰৰ বাবে পদক্ষেপ লোৱা হ’ব।”

লক্ষণীয়ভাৱে, আছুৰ ব্ৰহ্মপুত্ৰ অঞ্চল (গোলাঘাট গোট)ৰ শিক্ষা সচিব অনিমেশ ভূঞাই আন দুজনৰ সৈতে ২০২১ৰ ২৯ নৱেম্বৰত কিছু কামৰ বাবে যোৰহাটলৈ গৈছিল। তাতেই সামান্য এক কথাত ৫০ জনৰো অধিক লোকৰ এটা দলে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই আৰু মৰিয়াই মৰিয়াই অনিমেশক হত্যা কৰে।

এই ঘটনাৰ মুখ্য অভিযুক্ত নীৰজ দাস ওৰফে ‘ক’লা ল’ৰা’ৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত মৃত্যু ঘটে।

যোৰহাট আৰক্ষীয়ে ১৭ জানুৱাৰীত গোচৰটোত ৩৩৯ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছে। প্ৰথমতে, গোচৰটোত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে এজন নাবালকসহ তেওঁলোকৰ ১৪ জনৰ বিৰুদ্ধে প্ৰমাণ পাইছিল বুলি জানিব পৰা গৈছে।