গণৰাজ্য প্ৰাকক্ষণত তৎপৰ হৈ উঠিছে অসম আৰক্ষী ।

156

বৰপেটা সৰভোগত সৰভোগ আৰক্ষীৰ তালাচি অভিযান। অহা ২৬ জানুৱাৰীলৈকে অসম আৰোক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে যান- বাহনৰ ক্ষেত্ৰত । অহা ২৬ জানুৱাৰীত দেশে উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে সৰভোগত উদযাপন কৰিব গণৰাজ্য দিৱস।

গণৰাজ্য প্ৰাকক্ষণত তৎপৰ হৈ উঠিছে অসম আৰক্ষী ।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সৰভোগত বিভিন্ন ঠায়ে ঠায়ে নাকা চেকিং কৰা পৰিলক্ষিত হৈছে।

কোনো দুষ্টচক্ৰই অসমৰ লগতে সৰভোগত কোঠাঘাত কৰিব নোৱাৰে সৰভোগ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ।

সৰভোগ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ ঘোষে উল্লেখ কৰে সৰভোগৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী দলংৰ কাষতে দুচকীয়া চাৰিচকীয়া বাহনত তন্ন তন্নকৈ তালাচি কৰা পৰিলক্ষিত হৈছে ।

সৰভোগৰ কোনো ঠাইত অপ্ৰীতিকৰ সৃষ্টি হলে সৰভোগ আৰক্ষীয়ে যোগাযোগ কৰিবলৈ আহ্বান জনায়।

ইপিনে সমাগত ২৬ জানুৱাৰী গণৰাজ্য দিৱস সুকলমে শান্তি শৃংখলা অটুট ৰাখি উদযাপন কৰিবলৈ সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰ ঘোষে আহ্বান জনায় ।