গণৰাজ্য দিৱসৰ পুৱা ধলপুৰত উৰিল আলফাৰ পতাকা…

64

গণৰাজ্য দিসৱ উদযাপনৰ সময়তে মঙলবাৰে লখিমপুৰ জিলাৰ ধলপুৰত উৰিল আলফাৰ পতাকা৷ খবৰ অনুসৰি,ধলপুৰৰ ঐতিহাসিক পেটুৱা গোসাঁই থানৰ মূল প্ৰৱেশ দ্বাৰতে স্থানীয় ৰাইজে পুৱাৰ ভাগত আলফাৰ পতাকাখন উৰি থকা প্ৰত্যক্ষ কৰে।

তাৰ পিছতে ৰাইজে স্থানীয় আৰক্ষীক খবৰ দিয়াত ধলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আলফাৰ পতাকাখন আঁতৰাই নিয়ে। নিশাৰ ভাগত কোনো দুস্কৃতিকাৰীয়ে এই পতাকাখন আঁৰি থৈ যোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে।