গণহত্যাৰ সকলো দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে উপযুক্ত শাস্তি দিয়াৰ দাবীত আপৰ প্ৰতিবাদ

88

ষ্টাফৰিপৰ্টাৰ, ১৭ জুন: ৰাজ্যত সাধাৰণ নাগৰিকৰ ওপৰত কৰা গণহত্যাৰ সকলো দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে উপযুক্ত শাস্তি প্ৰদানৰ দাবীত বুধবাৰে আম আদমী পাৰ্টি অসম ৰাজ্যিক সমিতিয়ে গুৱাহাটী ক্লাব ৰটাৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে গণহত্যা বন্ধ কৰক, ন্যায় আমাক লাগিবই, ইনকিলাব জিন্দাবাদ আদি শ্ল’গান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে আপৰ ৰাজ্যিক সমন্বয়ক আব্দুল ৱাহেডে কয় ” অসম সন্তান ঋতুপৰ্ণ পেগু, সনাতন ডেকা, জোনমণি কুটুম, দেবাশিষ গগৈ, অভিজিত নাথ, নিলোৎপল দাস, ঝঙ্কাৰ শইকীয়া- এই লোকসকলক এইখন স্বাধীন গণতান্ত্ৰিক দেশত নৃশংস ভাৱে গণহত্যা কৰা হয়। এই ঘটনাত জড়িত সকলক চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি অতি শীঘ্ৰে উপযুক্ত শাস্তি দিয়া উচিত যাতে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ কাৰো সাহস নহয়। আমি সমগ্ৰ অসমতে গণহত্যাৰোধৰ বাবে এখন আইন বলবত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনালোঁ। লগতে যোৰহাট জিলাৰ বৰহোলাত নিৰাপত্তা বাহিনী দলে জয়ন্ত বৰা নামৰ অসমীয়া যুৱক জনক আটক কৰাৰ পাছত ৰহস্যজনক মৃত্যু ঘটা ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনালোঁ। তদুপৰি জয়ন্ত বৰাৰ পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতি পূৰণ দিয়াৰ বাবে আহ্বান জনালোঁ।” এই কাৰ্যসূচীৰ জৰিয়তে এখন দাবী সম্বলিত স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলা উপয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।