গণতন্ত্ৰ দিৱস উদযাপনক লৈ ৰাজ্য চৰকাৰৰ নতুন নীতি-নিৰ্দশনা

106

সমাগত গণৰাজ্য দিৱস উদযাপনক লৈ নতুন এছঅ’পি জাৰি কৰিছে অসম চৰাকৰে। এই নতুন এছঅ’পি অনুসৰি, গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত নিম্নতম লোকৰ উপস্থিতিত অনুমতি প্ৰদান কৰা হৈছে।

নতুন এছঅ’পি অনুসৰি, গণতন্ত্ৰ দিৱসত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। লগতে এইবাৰ গণতন্ত্ৰ দিৱস উদযাপন অনুষ্ঠানত ৰাজ্যিক পৰ্যায়ত ১০০০ জন আৰু জিলা পৰ্যায়ত ৫০০ জন সৰ্বাধিক লোক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে।

তদুপৰি এইবাৰ প্ৰাক উদযাপনৰ বাবে কোনোধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। আনহাতে নতুন এছঅ’পি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মাৰ্চ-পাষ্টত অংশগ্ৰহণ কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰক্ষী, গৃহৰক্ষী, অৰ্ধসামৰিক বাহিনীক কেৱল পেৰেডত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে। গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত কেৱল দুবাৰ টিকাকৰণ কৰা লোকসকলক অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে।