গংগাৰ বুকুত উপঙিছে শতাধিক মৃতদেহ…

62

গাৰ নোম শিঁয়ৰি উঠা এক দৃশ্য। গংগাৰ বুকুত উপঙিছে শতাধিক মৃতদেহ। বিহাৰৰ বক্সাৰ জিলাৰ চাউছাৰ মহাদেৱ ঘাটত স্থানীয় ৰাইজে এইসমূহ মৃতদেহ দেখি এতিয়া আতংকিত হৈ পৰিছে।

বক্সাৰ প্ৰশাসনে এই মৃতদেহ সমূহ উত্তৰ প্ৰদেশৰ কোনো এলেকাৰ পৰা বৈ অহা বুলি সন্দেহ প্ৰকাশ কৰিছে। প্ৰশাসনে এই মৃতদেহৰ সংখ্যা ৪০-৫০ৰ ভিতৰত বুলি মন্তব্য কৰিলেও স্থানীয় ৰাইজে দাবী কৰা মতে, গংগাৰ বুকুত উপঙি থকা মৃতদেহৰ সংখ্যা এশৰো অধিক।

ইফালে বক্সাৰৰ আৰক্ষী অধীক্ষকে এই মৃতদেহসমূহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হব বুলি মন্তব্য কৰিলেও শেষ মুহূৰ্তত দেখা গৈছে জেচিবি লগাই মৃতদেহ সমূহ লৈ যোৱা। অচিনাক্ত মৃতদেহ সমূহৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটাৰো সন্দেহ কৰা হৈছে। যাৰ বাবে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে।