গংগাৰ বুকুত উপঙা শ শ মৃতদেহক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি…

91

গংগাৰ বুকুত উপঙা শ শ মৃতদেহৰ অন্তিম সংস্কাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আজি ন্যায়ালয়ে আবেদনকাৰীক ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ওচৰ চাপিবলৈ পৰামৰ্শ দিয়ে। ন্যায়ালয়ে গোচৰৰ শুনানিকালত কয় যে এয়া এক গম্ভীৰ সমস্যা বুলি আমি গণ্য কৰো। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশ জাৰি কৰিছে। উচ্চ ন্যায়ালয়তো এই বিষয় সন্দৰ্ভত এনএইছআৰচিয়ে নিজৰ পক্ষ উত্থাপন কৰিছিল। আনহাতে আয়োগে মৃতকৰ সন্মান আৰু অধিকাৰক লৈ এখন পৰামৰ্শদাতা কমিটীও ইতিমধ্যে গঠন কৰিছে। গতিকে মৃতদেহৰ সৎকাৰ সন্দৰ্ভত এনএইছআৰচিৰ কাষ চাপিবলৈ আবেদনকাৰীক পৰামৰ্শ দিয়ে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, বিগত কিছু দিন পূৰ্বে পবিত্ৰ গংগাৰ বুকুত শ শ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ হৈছিল। এই মৃতদেহসমূহ কোভিড আক্ৰান্ত ৰোগীৰ বুলি দাবী কৰাও হৈছিল। ঠাইৰ অভাৱত আৰু আৰ্থিক অসুবিধাৰ বাবে পৰিয়াল তথা আত্মীয় স্বজনে মৃৃতদেহৰ সৎকাৰ কৰিব নোৱাৰি এইদৰে গংগাৰ বুকুত উটুৱাই দিয়া বুলি প্ৰকাশ পোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দেশজুৰি। তাৰ পিছতে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত মৃতদেহৰ সৎকাৰৰ বাবে এক নিৰ্ধাৰিত মূল্য জাৰি কৰিবলৈ ন্যায়ালয়ক অনুৰোধ জনায় আবেদনকাৰীয়ে। লগতে এম্বুলেন্সৰ ভাড়াও নিৰ্ধাৰণ কৰি দিবলৈ অনুৰোধ জনোৱা হয়।

আবেদনকাৰীয়ে কয় যে এজন ব্যক্তিৰ মৃত্যুৰ পিছতো যাতে তেওঁৰ মৃতদেহটোৱে প্ৰাপ্য সন্মান লাভ কৰে আৰু পৰিৱেশ বিনষ্ট নোহোৱাকৈ তাৰ দাহ কৰিব পাৰি তাৰ বাবে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ জাৰি কৰা উচিত। আবেদনকাৰীয়ে কয় যে ধনৰ অভাৱৰ বাবে মৃতদেহ কঢ়িয়াবলৈ বহু লোকে এম্বুলেন্সে বিচৰা ভাড়া প্ৰদান কৰিব নোৱাৰে তথা শৱ দাহ কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে। যাৰ বাবে মৃতদেহ নৈত উটুৱাই দিবলৈ তেওঁলোক বাধ্য হৈ পৰে।