গংগাধৰ নদীৰ বান্ধ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীক কটাক্ষ নৱ কুমাৰ শৰণীয়াৰ

197

‘মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি বিধায়কৰে কাম নাই, তেন্তে সাংসদনো কোন? তেওঁলোকে কেৱল বিধানসভাত বিষয় এটা উত্থাপন হে কৰিব পাৰে। চৰকাৰক আবেদন-নিবেদন কৰিব পাৰে। বাকী কাৰ্যকৰী কৰাৰ দায়িত্ব চৰকাৰৰ।’ – এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ।

ধুবুৰী জিলাৰ বাঘডোকৰাত গংগাধৰ নদীৰ বান্ধ পৰিদৰ্শন কৰি সাংসদ নৱ শৰণীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰা দেখা যায়। গংগাধৰ নদীৰ গৰাখহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে যদি চৰকাৰে বিচাৰে তেন্তে গংগাধৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বান্ধ দিব পাৰে আৰু এই অঞ্চলৰ ৰাইজক বচাব পাৰে। কিন্তু এয়া কোনো সাংসদে কৰিব নোৱাৰে। উন্নয়নমূলক কামেই হওক বা বান-খহনীয়া ৰোধৰ কামেই হওক, সাংসদ সকলৰ বিশেষকৈ এনেকুৱা ক্ষেত্ৰত বিশেষ কাম নাথাকে, চৰকাৰৰহে দায়িত্ব বুলিও মন্তব্য কৰে নৱ শৰণীয়াই।

ইফালে বাঘডোকৰাত মাত্ৰ হাজাৰ মিটাৰ আঁতৰত থকা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ উদাহৰণ দি কয় যে ফলিমাৰীত ৯ কোটি টকা খৰচ কৰি নদী গৰাখহনীয়া প্ৰতিৰোধী বান্ধ দিছে মমতা চৰকাৰে। যাৰ বাবে বংগৰ এক ইঞ্চি মাটিও ইফাল সিফাল হোৱা নাই। গংগাধৰ নদীত তেনে বান্ধ দিবলৈ হ’লে প্ৰায় ১০ কোটি টকা খৰচ হ’ব। এয়া কেৱল চৰকাৰৰ বাবেহে সম্ভৱ, কোনো সাংসদে কৰিব নোৱাৰে।