গঁড়ৰ খৰ্গৰ চোৰাং সৰবৰাহৰ অভিযোগত কাজিৰঙাৰ বনকৰ্মীক গ্ৰেপ্তাৰ

139

গঁড়ৰ খড়্গ সৰবৰাহৰ অভিযোগত পুনৰ এবাৰ গ্ৰেপ্তাৰ হল কাজিৰঙাৰ বনকৰ্মী ভীমলা শইকীয়া। ইফালে বন বিভাগে গঁড়ৰ খৰ্গৰ চোৰাং সৰবৰাহৰ অভিযোগত কুঠৰীৰ আব্দুল আলী আৰু হোজাইৰ মহম্মদ ৰহিমুদ্দিন নামৰ আন দুজন লোককো গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰহিমউদ্দিন নামৰ কুখ্যাত গঁড় চিকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে ২০১৫ চনৰ এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় বনকৰ্মী ভীমলা শইকীয়া আৰু আব্দুল আলীক।

আনহাতে, শেহতীয়াকৈ মহম্মদ ৰহিমউদ্দিনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণৰ পিছত বন বিভাগে জে’লতে গ্ৰেপ্তাৰ কৰিছে মহম্মদ ৰহিমউদ্দিনক। উল্লেখ্য যে, বনকৰ্মী ভীমলা শইকীয়া আৰু আব্দুল আলীক পূৰ্বেও গঁড়ৰ খড়্গৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিয়াইছিল বন বিভাগে।