খেৰণিত বজ্ৰপাত পৰি মৃত্যু দুজন লোকৰ

231

পশ্চিম কাৰ্বিআংলঙৰ খেৰণিত বৃহস্পতিবাৰে পুৱা বজ্ৰপাত পৰি দুজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, পুৱাৰ ভাগত দি থকা বৰষুণৰ মাজতে পৰা বজ্ৰপাতত মৃত্যু ঘটে লোক দুজনৰ।

নিহত লোক দুজনৰ পৰিচয় খেৰনি চাৰিআলিৰ নিৱাসী ৰতন যাদৱ আৰু বাগিচাডুবি গাওঁৰ মহেশ চৌহান বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে মৃত ব্যক্তি দুজনে ঘৰৰ সমীপত বান্ধি থোৱা পশুধন কেইটা বৰষুনৰ সময়ত আনিবলৈ যাওঁতেই ব্রজপাতত মৃত্যুক সাৱটি লয়।