খেলৰ জগতৰ পৰা বিদায় লব মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই

94

ক্ৰীড়াক্ষেত্ৰৰ পৰা বিদায় ল’ব মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই। বিনেশ ফোগাট আৰু বজৰং পুনিয়াই বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে। ধাৰণা কৰা হৈছে যে মল্লযোদ্ধাসকলে অচিৰেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব আৰু আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব। কংগ্ৰেছে দলটোৰ অফিচিয়েল ‘এক্স’ হেণ্ডেলত ফোগাট আৰু পুনিয়াৰ সৈতে গান্ধীৰ এখন ফটো পোষ্ট কৰাৰ পাছত দেশৰ ৰাজনীতিত বৃদ্ধি পাইছে অনুমান আৰু চৰ্চা।