খেলো ইণ্ডিয়া পেৰা গেমছত ৪০ টা স্বৰ্ণ পদক লাভ হাৰিয়ানাৰ

456

হাৰিয়ানাই প্ৰথম খেলো ইণ্ডিয়া পেৰা গেমছত ৪০ টা স্বৰ্ণসহ মুঠ ১০৫ টা পদকলাভ কৰি চেম্পিয়ন হৈছে। ৪০ টা স্বৰ্ণৰ উপৰিও হাৰিয়ানাই ৩৯ টা ৰূপ আৰু ২৬ টা ব্ৰঞ্জৰ পদক জিকিছে। উত্তৰ প্ৰদেশে মুঠ ৬২ টা পদক (২৫ টা সোণ, ২৩ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জ) লৈ দ্বিতীয় স্থানত আছে। আনহাতে তামিলনাডু ২০ টা সোণ, আঠটা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ সৈতে তৃতীয় স্থানত আছে।১০ ডিচেম্বৰত আৰম্ভ হোৱা খেলসমূহত ১৭৩ টা সোণৰ পদক ইভেণ্ট দেখা গৈছিল।প্ৰতিযোগিতাখনৰ অন্তিম দিনা কেৰালাই তামিলনাডুক ৭-০ গ’লত পৰাস্ত কৰি চেৰিব্ৰেল পালচি ফুটবলৰ খিতাপ জয় কৰে। টেবুল টেনিছত হাৰিয়ানাৰ সুমিত চেহগলে ফাইনেলত গুজৰাটৰ ৰমেশ চৌধুৰীক ৩-০ (১১-৮, ১১-৭, ১১-৮)ত পৰাস্ত কৰি পুৰুষৰ শ্ৰেণী-৪ ৰ সোণৰ পদক জয় কৰে। ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয়, ” আমি কেৱল পদকবোৰেই নহয়, আত্মা আৰু অকথিত কাহিনীবোৰকো সন্মান জনাইছো। ”