খেলপথাৰত ৰিয়ানৰ ইমেজিনাৰী চেলফি…

89

চেলফি আপুনি বহু দেখিছে। চেলফি উঠিও পাইছে। পিছে এনে চেলফি আপুনি কেতিয়াও দেখা নাই। এয়া এগৰাকী অসমীয়াৰ চেলফি। এয়া ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসম সন্তান ৰিয়ান পৰাগৰ চেলফি।

হয়, ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়াযুদ্ধ আইপিএলত জিলিকিছে অসম সন্তান ৰিয়ান পৰাগ। কেতিয়াবা খেলপথাৰত বিহু নাচিছে, কেতিয়াবা সতীৰ্থ খেলুৱৈকে বিহু শিকাইছে। কিন্তু এইবাৰ সতীৰ্থৰ সৈতে খেলপথাৰত চেলফি উঠি সকলোকে আমোদ দিলে প্ৰতিভাবান খেলুৱৈগৰাকীয়ে।

শনিবাৰে ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল কলকতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ খেলখন। এই খেলখনতে কলকতা নাইট ৰাইডাৰ্ছৰ দুগৰাকী বেটছমেনক কেটছ আউট কৰে ৰিয়ান পৰাগে। তাৰ পিছতে সতীৰ্থৰ সৈতে কাল্পনিক ফোনেৰে চেলফি উঠি আনন্দ উৎসৱ পালন কৰিলে ৰিয়ানে।

কলকতা নাইট ৰাইডাৰ্ছৰ পেট কামনিছ আৰু ৰাহুল ত্ৰিপাঠীক বাউণ্ডাৰী লাইনত কেচ আউট কৰি পকেটৰ পৰা ইমাজিনেৰী ফোনটো উলিয়াই লয় ৰিয়ান পৰাগে। তাৰ পিছতে কাষত থিয় হৈ থকা সতীৰ্থ খেলুৱৈ ৰাহুল তেৱতীয়ালৈ ইমাজিনেৰী ফোনটো দলিয়াই দি দুয়োজনে প’জ দিয়ে চেলফিৰ বাবে।

ৰিয়ানৰ এনে অদ্ভূত চেলিব্ৰেছনে এতিয়া বেছ আমোদ দিছে ক্ৰীড়া প্ৰেমীক। টুইটাৰত প্ৰতিভাবান খেলুৱৈজনক প্ৰশাসংও কৰিছে বহুজনে। ইয়াৰ পূৰ্বে খেলপথাৰত বিহু নাচি বিশ্ব দৰবৰাত অসমীয়া কৃষ্টিক পৰিচয় কৰা ৰিয়ান পৰাগ যে অনন্য, খেলপথাৰত তেওঁ কৰা আনন্দ উৎসৱে সেয়াই যেন প্ৰমাণ কৰে।