ষ্টাফৰিপৰ্টাৰ,
মহানগৰীৰ খাৰঘুলিস্থিত হিৰিম্বা পুৰত দেওবাৰে কুশল বড়ো চৌধুৰী কন্যা প্ৰিয়ঙ্কা বড়োৰ ভুমিস্খলনত মৃত্যু হয় ৷ ঘৰৰ চোতালত সাৰি থকা অৱস্থাত নিমিষতে পাহাৰৰ মাটি খহি যুবতী গৰাকীক পুতি পেলায় ৷ পিছত স্থানীয় ৰাইজ প্ৰাশসনৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰা হয় ৷উল্লেখ্য পিতৃ কুশল বড়ো চৌধুৰীয়ে অটো চলাই পৰিয়ালটোক কোনো মতে পোহপাল দি আহিছে ৷ সোমবাৰে পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰিয়ঙ্কা বড়োৰ বাসগৃহত উপস্থিত হৈ গভীৰ দুখ প্ৰকাশ কৰে ৷ লগতে ঘটনাটো সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰি বড়োৰ ঘৰৰ ওপৰত থকা এঘৰ মানুহৰ স্নানাগাৰ এটা সংকটজনক অৱস্থাত থকা দেখিবলৈ পাই তৎক্ষণাত বিভাগীয় বিষয়াক অবগত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মৃত প্ৰিয়ঙ্কা বড়োৰ পিতৃৰ হাতত নগদ ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷ উল্লেখ্য মন্ৰীগৰাকীৰ লগত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, প্ৰাক্তন পাৰিষদ শশাঙ্ক ডেকা, প্ৰাক্তন এৰিয়া সভাৰ সদস্য দিলিপ বড়োৰ লগতে কেইবাগৰাকী স্থানীয় ব্যক্তি উপস্থিত থাকে ৷
