গুৱাহাটীঃ গুৱাহাটীৰ খানাপাৰা অঞ্চলৰ নলাৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো টুকুৰা টুকুৰা কৰি প্লাষ্টিকৰ মোনাত মেৰিয়াই খানাপাৰা অঞ্চলৰ এটা নলাত পেলাই দিছিল কোনো দুৰ্বৃত্তই।
উল্লেখ্য যে, শেহতীয়াকৈ, গুৱাহাটী আৰক্ষীয়ে বৰাগাওঁৰ সন্তোষ গুপ্তাৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰিছিল তেওঁৰ পত্নী অন্তিমা গুপ্তাৰ মৃতদেহৰ টুকুৰা। হত্যাকাৰী দেৱযানী দাসে অন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি প্লাষ্টিকৰ বেগত ভৰাই শোৱনী কোঠাত লুকুৱাই থৈছিল।
ইফালে খানাপাৰাৰ নলাত উদ্ধাৰ হোৱা মৃতদেহৰ টুকুৰা অন্তিমা গুপ্তাৰ বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে এতিয়ালৈকে নিশ্চিত কৰা নাই।
