খানাপাৰাত অটো আস্হানত থকা চালক ’ মালিক সকলৰ মাজত খাদ্যসামগ্ৰী বিতৰণ

75

ষ্টাফৰিপোৰ্টাৰ, ২৪ মে’ :
কৰ’না ভাইৰাছে বিভীষিকা ময় পৰিবেশ সৃষ্টি কৰা পৰিপেক্ষিতত সমগ্ৰ দেশৰ লগতে অসমতো প্ৰযোজ্য হৈ আছে চতুৰ্থ প্ৰৰ্যায়ৰ লকডাউন ৷যাৰ বাবে এচাম শ্ৰমজীৱী মানুহে আৰ্থিক দিশত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷এচাম শ্ৰমজীৱী মানুহে খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিছে ৷ইয়াৰ বাবে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা যুৱ নেতা জয়ন্ত কুমাৰ দাসে সামন্য সহায় কৰাৰ উদ্দেশ্যৰে আগবাঢ়ি আহিছে ৷ শনিবাৰে মহানগৰীৰ খানাপাৰা অটো আস্হানত থকা চালক ’ মালিক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰে ৷৷ ইয়াৰ সমান্তৰালভাৱে দিচপুৰ সমষ্টিৰ অন্তৰগত বেলতলা’ বশিষ্ট অঞ্চলৰ প্ৰায় চাৰি শতাধিক ব্যক্তিৰ মাজত খাদ্য সামগ্ৰী বিতিৰন কৰে ৷৷ উল্লেখ্য যে খাদ্য সামগ্ৰীৰ টোপোলাত চাউল’ দাইল’ আলু’ নিমখৰ লগতে অন্যান্য সামগ্ৰী বিতৰন কৰা দেখা গৈছে ৷ সামগ্ৰী বিতৰন অনুষ্ঠানত বিজিপিৰ যুৱনেতা মনিদ্বীপ দাস সহ কেইবাগৰাকী ব্যক্তিয়ে বিশেষ সহযোগীতা আগবঢ়ায়।