খাদ্যৰ নিশ্চয়তা, জীৱন-জীৱিকাৰ দাবীত

92

চি পি আই (এম)ৰ দাবী দিৱসত ৰাজ্যত কেইবা সহস্ৰাধিকৰ অংশগ্ৰহণ

ষ্টাফ ৰিপোৰ্টাৰ : চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে সামাজিক-শাৰীৰিক দূৰত্ব অটুট ৰাখি আৰু ‘লকডাউন’ৰ বিজ্ঞানসন্মত বিধি-নিয়ম মানি চলি দেওবাৰে সমগ্ৰ ৰাজ্যত কেইটামান সুনিৰ্দিষ্ট দাবীৰ ভিত্তিত প্ৰতীকী ৰূপত ‘দাবী দিৱস’ পালন কৰা হয়।

ক’ৰ’না ভাইৰাছৰ বিভীষিকা আৰু লকডাউনৰ এক অস্বাভাৱিক পৰিস্থিতিৰ মাজতে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সকলোবোৰ জিলাক সাঙুৰি কেইবা হাজাৰো পাৰ্টিৰ সভ্য-সমৰ্থক আৰু সাধাৰণ ৰাইজে আজিৰ দাবী দিৱসৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনায়।

আন্দোলনকাৰীসকলে নিজ নিজ ঘৰৰ চোতাল, চৌহদ, জপনামুখ, ৰাজপথ অথবা পাৰ্টিৰ স্থানীয় কাৰ্যালয়বোৰৰ সন্মুখত অন্ততঃ ১০ মিনিটৰ বাবে দাবী সম্বলিত প্লেকাৰ্ড আদি প্ৰদৰ্শন কৰি দাবী দিৱস পালন কৰে। গুৱাহাটীত দেওবাৰে হেদায়েৎপুৰস্থিত চি পি আই (এম)ৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, ৰাজ্যিক সম্পাদকমণ্ডলীৰ অন্যতম সদস্য ইচফাকুৰ ৰহমান আৰু তপন শৰ্মাৰ নেতৃত্বত ১৫ জনীয়া এটা দলে শাৰীৰিক দূৰত্ব ৰক্ষা কৰি দাবী দিৱসত অংশগ্ৰহণ কৰে। আনহাতে ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য, জ্যেষ্ঠ নেতা হেমেন দাস, উদ্ধব বৰ্মন, অজিত দাস প্ৰমুখ্যে নেতৃবৃন্দই নিজ ঘৰৰ চৌহদত প্লেকাৰ্ড আদি হাতত লৈ দাবী দিৱস পালন কৰে। ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন ঠাইত পাৰ্টিৰ সভ্য-সমৰ্থকৰ উপৰি ভালেমান সাধাৰণ নাগৰিকেও অকলে অথবা গোট বান্ধি দাবী দিৱস পালন কৰে। একেদৰে বৰাক উপত্যকাৰ শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলা, উজনি আৰু নামনি অসমৰ সকলোবোৰ জিলাত দাবী দিৱসৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি লক্ষ্য কৰা যায় আৰু সমগ্র ৰাজ্যত কেইবা সহস্ৰাধিক লোকে ঘৰৰ সন্মুখত অথবা পাৰ্টি কাৰ্যালয়ত সমবেত হৈ দাবী দিৱস পালন কৰে। বহু ঠাইত বয়োজ্যেষ্ঠ পাৰ্টি সদস্য আৰু অন্যান্য নাগৰিকসকলেও নিজ ঘৰৰ ভিতৰত বা চৌহদত থাকি দাবী দিৱসত অংশ লয়। শদিয়াৰ পৰা ধুবুৰীলৈ পাৰ্টিৰ নবীন-প্ৰবীণ প্ৰায় সকলো সদস্য আৰু শুভাকাংক্ষীৰ অংশগ্ৰহণ আছিল খুবেই উৎসাহজনক। গাঁও অঞ্চলত যুৱ প্ৰজন্মৰ বহু সংখ্যক সদস্যৰ উপৰি আশী বছৰৰ উৰ্ধৰো ভালেমান লোকে দাবী দিৱস পালন কৰে। দাবী দিৱসত চি পি আই (এম) দলে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত আছে ক্ৰমে আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমূৰি মাহিলী ৫(পাঁচ) কিলোকৈ চাউল আৰু আটা,চেনি,নিমখ,দাইল, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অহা তিনিমাহৰ বাবে বিনামূলীয়াকৈ যোগান ধৰক, চৰকাৰী-বেচৰকাৰী খণ্ডত কাম কৰা সকলোৰে মজুৰি/দৰমহা নিৰ্ধাৰিত সময়ত আদায় দিয়ক। ‘লকডাউন’ৰ সময়ছোৱাত কোনো শ্ৰমিকক কৰ্মচ্যুত অথবা তেওঁলোকৰ মজুৰি বন্ধ কৰাটো নিষিদ্ধ ঘোষণা কৰক,পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধিৰ সিদ্ধান্ত অবিলম্বে প্ৰত্যাহাৰ কৰক, কৃষকে উৎপাদন কৰা শাক-পাচলি আৰু অন্যান্য কৃষিজাত সামগ্ৰী চৰকাৰে অনতিপলমে ক্ৰয় আৰু সংগ্ৰহ কৰি সুলভ মূল‍্যত ৰাইজক যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰক, চৰকাৰৰ সীমিত সাহায্য আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চলি থকা ব‍্যাপক অনিয়ম-দুৰ্নীতি বন্ধ কৰক”, ৰাজ্যত গণতন্ত্ৰ নিধন বন্ধ কৰক; কাৰাগাৰত বন্দী কৰি ৰখা অখিল গগৈসহ সকলো ৰাজনৈতিক বন্দীক অবিলম্বে মুক্তি দিয়ক আদি। লকডাউন’ৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি আজিৰ দাবী দিৱস সফল কৰাৰ বাবে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যৰ জনসাধাৰণলৈ অভিনন্দন জনাইছে চি পি আই (এম) অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেবেন ভট্টাচাৰ্যই।