খহি পৰিল চাৰি মহলীয়া অট্টালিকা! ১১জনৰ মৃত্যু

88

বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱতিনিশা মুম্বাইৰ মালা এলেকেতা খহি পৰে এটা চাৰিমহলীয়া অট্টালিকা। যাৰ ফলত ১১ জন লোকৰ মৃত্যু ঘটাৰ লগতে ১৩ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত সকলৰ অধিকাংশই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মালা অঞ্চলত বিগত কিছুদিনৰ পৰা দি থকা মুষলধাৰ বৰষুণে অঞ্চলটোলৈ বিপদ কঢ়িয়াই আনিছে। বৰষুণৰ ফলতে পুৰণি চাৰি মহলীয়া অট্টালিকাটো খহি পৰা বুলি আৰক্ষী-প্ৰশাসনে জানিবলৈ দিছে। ইফালে বৰ্তমানেও এই অট্টালিকাৰ ভংগস্তূপৰ মাজৰ পৰা আৱদ্ধ সকলক উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।