কৰ সংগ্ৰহত অভিলেখ ভংগ কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে

105

কৰ সংগ্ৰহত অভিলেখ ভংগ কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে । ২০২৩-২৪ বিত্তীয় বৰ্ষত আবকাৰী বিভাগৰ অভিলেখ ভংগকাৰী ৰাজহ সংগ্ৰহৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । প্ৰকাশিত তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ হৈছে ৩,১৩৮.৭৫ কোটি টকা । উল্লেখ্য যে, এই বিত্তীয় বৰ্ষত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল ৩,০০০ কোটি টকা । ১০৪.৬২ শতাংশ কৰ সংগ্ৰহৰ সাফল্যই বিভাগটোৰ কৌশলগত বিত্তীয় ব্যৱস্থাপনাক প্ৰতিফলিত কৰিছে ।