ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাৰ বিৰোধী দলপতি ৰামবীৰ সিং বিধুৰীয়ে অভিযোগ উত্থাপন কৰে যে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ কৰ্মচাৰীক দৰমহা দিবলৈ কোনো ধন নথকাৰ বাবে এতিয়ালৈকে ডিটিচিৰ কৰ্মচাৰী, চিভিল ডিফেন্স মাৰ্শ্বাল আৰু হোমগাৰ্ডৰ দৰমহা মুকলি কৰি দিয়া হোৱা নাই।
বিধুৰীয়ে কয় যে দিল্লী চৰকাৰ এতিয়া কৰ্মচাৰীক দৰমহাও দিব নোৱাৰাৰ বাবে দেউলীয়া হৈছে। ইয়াৰ বাবে ডিটিচিৰ কৰ্মচাৰীয়ে ১৭ ডিচেম্বৰৰ পৰা পথ অৱৰোধ কৰাৰ হুংকাৰ দিছে।
‘কিয় এই কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰা হোৱা নাই। এই কৰ্মচাৰীসকলৰ দৰমহা চৰকাৰে আন কোনো মূৰত খৰচ কৰিছে নেকি? দিল্লী চৰকাৰে আৰ্থিক সংকটৰ সন্মুখীন হৈছে নেকি?” তেওঁ বিধানসভাত প্ৰশ্ন কৰে।
এই পৰিস্থিতিৰ তুলনা আপৰ পঞ্জাৱ চৰকাৰৰ সৈতে তুলনা কৰি বিধুৰীয়ে কয় যে পঞ্জাৱতো আপ চৰকাৰৰ একেধৰণৰ অৱস্থা আৰু তাতো কৰ্মচাৰীসকলে সময়মতে দৰমহা পোৱা নাই।
