কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক…

253

চৰাইদেউৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি)ক দেওবাৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হয়।

খবৰ অনুসৰি কৰ্তব্যৰত অৱস্থাত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হয় আৰক্ষী বিষয়াগৰাকীক।

অভিযুক্ত আৰক্ষী বিষয়াগৰাকী কাকতিবাৰী থানাৰ অ’চি শৰৎ শইকীয়া বুলি জানিব পৰা গৈছে।

ইফালে জাপিধৰাত এগৰাকী মহিলা ছাত্ৰীক দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। বাৰে বাৰে সহায়ৰ বাবে আহ্বান জনোৱাৰ পিছতো আৰক্ষীয়ে ঘটনাস্থলীত অতি পলমকৈ উপস্থিত হয়।

ঘটনাৰ পিছতে থানাৰ অ’চি শইকীয়াৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হোৱাত তেওঁক নিলম্বন কৰা হয়।