কৰ্ণাটকত ১৪ জুনলৈ লকডাউন বৃদ্ধি ঘোষণা…

88

কোভিডৰ ভয়াবহতাই গ্ৰাস কৰিছে কৰ্ণাটকক! ৰাজ্যখনত প্ৰতিদিনে বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি ১৪ জুনলৈ লকডাউন বৃদ্ধি কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পাই। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়ালৈকে কোভিডৰ সংক্ৰমণৰ হাৰ হ্ৰাস নাপায়, তেতিয়ালৈকে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চিন্তা ভুল। বিশেষকৈ গ্ৰামাঞ্চলত এতিয়াও কোভিডে ভয়াবহ ৰূপ ধাৰণ কৰি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, কৰ্ণাটকত কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যাই ৮০ লাখৰো ঘৰ অতিক্ৰম কৰিছে। ইফালে ৰাজ্যখনত ৩০ হাজাৰৰো অধিক লোকে এই মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাবলগা হৈছে। এনে পৰিস্থিতিত কোভিড সংক্ৰমণ দৈনিক ৫০০০ হাজাৰৰ কম নোহোৱা পৰ্যন্ত আনলক প্ৰক্ৰিয়া আৰম্ভ নকৰাৰে পৰামৰ্শ আগবঢ়াইছে বিশেজ্ঞসকলেও।