ক’ৰোনা ভেকচিনেৰে নহয়, হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল ৱাৰ্ড বয়ে

71

মুৰাদাবাদ জিলা হাস্পতালৰ ৱাৰ্ড বয়ৰ মৃত্যু ক’ৰোনা টিকাকৰণৰ বাবে নহয়, বৰঞ্চ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাত সকলো প্ৰকৃত তথ্য পোহৰলৈ আহে।

দৰাচলতে পৰিয়ালৰ লোকে কৈছিল যে ক’ৰোনাৰ প্ৰতিষেধক দিয়াৰ পিছত অৱস্থা যথেষ্ট সংকটজনক হৈছিল। যাৰ বাবে তেওঁলোকে এম্বুলেঞ্চক ফোন কৰিছিল। কিন্তু ৰোগীৰ অৱস্থাৰ বিষয়ে জনোৱাৰ পিছতো ঠিকনাৰ বিষয়ে বাৰে বাৰে সোধা হৈছিল।
ৰোগীজনে সংজ্ঞান হেৰুৱাৰ পিছত পৰিয়ালৰ লোকে তেওঁক অটোৰে হাস্পতাললৈ লৈ যায়। তাত চিকিৎসকে ৰোগীজনক মৃত ঘোষণা কৰে। এই ঘটনা সেই সময়ত পোহৰলৈ আহে যেতিয়া পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে যে ক’ৰোনাৰ টিকাৰ বাবে ৱাৰ্ড বয়ৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে।

সোমবাৰে হৈছিল মৰণোত্তৰ পৰীক্ষা
সোমবাৰে পুৱতি নিশা ৪ বজাত ৱাৰ্ড বয়ৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। মুখ্য চিকিৎসা অধিকাৰী ডাঃ এমচি গাৰ্গ, জিলা প্ৰতিৰক্ষণ অধিকাৰী ডাঃ দীপক বৰ্মাই মৰণোত্তৰ গৃহত উপস্থিত হয়। ডাঃ শশী ভূষণ, ডাঃ আৰ পি মিশ্ৰা, ডাঃ নিৰ্মল ওজাৰ দলে মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰে। ৱাৰ্ড বয়ৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰে। মুখ্য চিকিৎসা বিষয়া ডাঃ এমচি গাৰ্গে ক’লে যে ৩জনীয়া চিকিৎসৰ দলে মৰণোত্তৰ পৰীক্ষা কৰোৱাইছিল। হাৰ্ট এটেকৰ বাবে মৃত্যুক সাৱটিছিল লোকজনে। ক’ৰোনা ভেকচিনৰ বাবে মৃত্যু হোৱা নাছিল।

মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত আন এক আশ্বৰ্যজনক কথা পোহৰলৈ আহিছে যে। চিকিৎসকে জনোৱা অনুসৰি সাধাৰণ লোকৰ হৃদযন্ত্ৰ ৮০০ গ্ৰামৰ হয় কিন্তু ৱাৰ্ড বয়জনৰ হৃদযন্ত্ৰ ৫০০ গ্ৰাম ওলাইছে। ইয়াৰ কাৰণ কি, এইটো তদন্ত কৰিবলগীয়া বিষয়।