কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত ১১৮৩ কেজি গাঞ্জাসহ দুজনক আটক

75

অসম আৰক্ষীয়ে সোমবাৰে নিশা অসম-ত্ৰিপুৰা সীমান্তৰ কৰিমগঞ্জ জিলাত এখন ট্ৰাকৰ পৰা ১১৮৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। গাঞ্জাখিনিৰ সৰবৰাহৰ অভিযোগত ট্ৰাকখনৰ চালকসহ দুজন লোককো আটক কৰে আৰক্ষীয়ে।

বাতৰি অনুসৰি, ট্ৰাকখন ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা সময়তে কৰিমগঞ্জত আৰক্ষীয়ে অভিযান চলাই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

চুৰাইবাৰী আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন দাসে কয়, “সোমবাৰে নিশা প্ৰায় ১১ বজাত ত্ৰিপুৰাৰ ফালৰ পৰা গুৱাহাটী অভিমুখে অহা এখন ছয় চকীয়া বাহনৰ সামগ্ৰী বাহক ট্ৰাক ৰখাই পুংখানুপুংখভাৱে পৰীক্ষা কৰা হয়।”

“পৰীক্ষাৰ সময়ত আমি ট্ৰাকৰ পৰা ১১৮৩ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰো। আমি চালকসহ দুজন লোকক আটক কৰিছো।” তেওঁ লগতে কয়।

ধৃত লোক দুজৱক ৱাছিম(২০) আৰু ভাছিম (১৮) বুলি চিনাক্ত কৰা হৈছে।